Show/Hide Keyboard Layout

পুণ্য ভূমি

- শ্ৰৱণ নাথ (মৰিগাঁও)

পুণ্য ভূমি

আই অসমী

তোমাৰ তুলনা নাই

তোমাৰ বতাহ

ধূলি মাটিত

জনম লভিছো আই

জনম লভিছো আই

জনম লভিছো আই

 

সোণতে সুৱগা

শস্য শ্যামলা

আছিল এদিন

অসমী আই

দুষ্কৃতিকাৰীৰ কবলত আজি

ধ্বংসৰ ফালে আছে আগুৱাই

জাগিবৰ হ'ল

ৰুধিবৰ হ'ল

বিনাশকাৰীৰ অভিপ্ৰায়

অভিপ্ৰায় অভিপ্ৰায়

 

জাতি জনজাতিৰ সমন্বয়ৰ

ইতিহাস আজি ক'ত হেৰাল

একতাৰে বন্ধা মানৱ জাতিক

বিভেদৰ বীজে কৰে বিলীন

লাচিতৰ দেশৰ মানুহ আমি

নিদিও সুবিধা স্বাৰ্থলোভীক

স্বাৰ্থলোভীক

স্বাৰ্থলোভীক।

Hits: 3535